Cost in Hair Transplant

চুলি সংৰোপনৰ খৰচ বেলেগ বেলেগ হ'ব পাৰে।


ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।
ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

আমেৰিকাত প্রতি গুচ্ছ চুলি সংৰোপনত ৫ ডলাৰকৈ (ভাৰতীয় মূল্য ২৫০ টকা) খৰচ হয়। অর্থাৎ ১০০০ ডাল কেছ গুচ্ছ ৰোপনত ভাৰতীয় মূল্য প্রায় ২৫০০০০ টকা আমেৰিকাত খৰচ কৰিব লাগে। তদুপৰি O.T Charge, টেক্স আদিকে ধৰি কিছুমান আনুষংগিক খৰছো আছে।

সংৰোপন পদ্ধতি লৈয়ো খৰচৰ তাৰতম্য হ'ব পাৰে। Strip method তকৈ FUEত খৰচ বেছি, কিন্তু FUE আটাইতকৈ নির্ভৰযোগ্য পদ্ধতি। অতি কম সংখ্যক চিকিৎসকৰহে এই চিকিৎসাৰ জ্ঞান আছে। FUE পদ্ধতিয়ে Strip methodতকৈ বহু বেছি সময়ো লয়।

স্থান বিশেষেও খৰচৰ পার্থক্য থাকে। এখন বৃহৎ মহানগৰতকৈ সৰু নগৰত খৰচ বহু কম হ'ব। ব্যক্তি বিশেষেও তাৰতম্য হ'ব পাৰে। অতি উচ্চ পর্যায়ৰ সুবিধাযুক্ত চিকিৎসালয়ৰ খৰচ এখন কম সুবিধাযুক্ত চিকিৎসালয় এখনতকৈ বেছি হোৱাটো স্বাভাৱিক।

ভাৰতত চুলি সংৰোপনৰ খৰচ প্রতি গুচ্ছ চুলিত ৪০ৰ পৰা ১০০ টকা। ওপৰত আলোচনা কৰি অহাৰ দৰে সংৰোপনৰ যি পদ্ধতিয়েই নহওক, যি ধৰণৰ চিকিৎসা কেন্দ্রই হওক, FUEৰ ব্যয় ৫০ৰ পৰা ৭০ টকা পর্যন্ত প্রতি গুচ্ছ চুলিত। কিছুমান বিলাসী কেন্দ্র যেনে ক'লকাতা বা দিল্লীত ১০০ টকা পর্যন্ত প্রতি গুচ্ছ চুলিত ধৰা হয়। Metro cityত  থকা উচ্ছ হাৰৰ চিকিৎসালয়ৰ দৰে চিকিৎসাব্যয় উত্তৰ পূৱত কেতিয়াও সম্ভৱ নহয়।

আৰোগ্যম চুলি সংৰোপন কেন্দ্রত বর্তমান আকর্ষণীয় ৰেহাই মূল্যত চুলি সংৰোপনৰ ব্যৱস্থা বাহাল ৰখা হৈছে। এই আকর্ষণীয় ৰেহাই মূল্য কেৱল আৰোগ্যম চুলি সংৰোপন কেন্দ্রতেই উপলব্ধ। ইয়াত প্রতি গুচ্ছ চুলি সংৰোপনৰ খৰচ মাত্র ৪৫ টকা, (পূর্বৰ মূল্য ৫০ টকা)।

১০০০ গুচ্ছতকৈ অধিক চুলি ৰোপনত আৰু অধিক বিশেষ ৰেহাইৰ ব্যৱস্থা আছে। এই ক্ষেত্রত প্রতি গুচ্ছ চুলিত মাত্র ৪০ টকা নির্ধাৰণ কৰা হৈছে।

ব্যৱস্থাপনা ব্যয় হিচাপে O.T ৰ এটা সামান্য খৰচ ইয়াৰ ভিতৰতে নির্ধাৰণ কৰি লোৱা হৈছে। এই খৰচৰ পৰিমাণ চুলি সংৰোপনৰ সংখ্যাৰ ওপৰত নির্ভৰ নকৰে।

উত্তৰ পূর্বাঞ্চলৰ ৰোগীসকলে এবাৰত ৫০০ৰ পৰা ১০০০ চুলিহে বিভিন্ন কাৰণত ৰোপন কৰিব পাৰে, যাৰ খৰচ ২৪০০০ টকাৰ পৰা ৪৮০০০ টকাত সম্পূর্ণ হয়।

এই খৰচ চিকিৎসালয়ৰ নির্ধাৰিত খৰচ আৰু সকলোৰে বাবে সমানে প্রযোজ্যু। বর্তমানলৈ এইখিনি উচ্ছ পর্যায়ৰ ৰেহাই মূল্যই বাহাল থাকিব।

উল্লেখিত এই মূল্যৰ পৰিমাণেই একমাত্র খৰচ আৰু কোনো উপৰুৱা বা উহ্য খৰচ ইয়াত নাই। বর্দ্ধিত ব্যয়ৰ তালিকা হ'ব: ডাউন টাউন OT-১০০০ টকা, Registration বা পঞ্জীয়ন খৰচ -৬০০ টকা। ঔষধৰ খৰচ বেছি নহয়। প্রায় ৬০০ টকাৰ আশেপাশে।

সর্বমুঠ খৰচৰ বিষয়ে জানিবলৈ তলৰ তালিকাখন চাওক

hair transplant in Guwahati

খৰচৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক।

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই ০% সুদত, কিস্তি হাৰত এই কিছুমান চর্তত আগবঢ়াব পাৰে্ এই চর্তসমূহ হ'ল:

ব্যৱস্থাপনাৰ প্রথমদিনা অর্ধাংশ আদায় দিব পাৰিব আৰু বাকীখিনি তিনিটা সমান কিস্তিত দিব লাগিব।
পূর্ব নির্ধাৰিত তাৰিখত চহী কৰি তিনিখন কার্যক্ষম চে'ক (cheque) পইচা আদায়ৰ সময়ত দিব লাগিব।
পইচা দিওঁতে ড্রাইভিং লাইচেঞ্চ, পাচপর্ট আদিৰ দৰে ফটো পৰিছয় পত্র দাখিল কৰিব লাগিব।
যদি কার্যক্ষম চে'ক (cheque) নাথাকে, কিস্তি ভিত্তিত এই সুবিধা প্রাপ্ত নহ'ব।

আৰোগ্যম চুলি সংৰোপন কেন্দ্রত নূন্যতম মূল্যৰ বিনিময়ত চুলি সংৰোপন কৰা হয়। এই প্রক্রিয়াটো FUE পদ্ধতিত উন্নত সা সুবিধা থকা এটা সম্পূর্ণ আধুনিক, নিৰাপদ আৰু Sterility সম্পন্ন OTত সম্পন্ন কৰা হয়। উত্তৰ পূর্বাঞ্চলৰ দৰে এটা ইমান পিছপৰা অঞ্চলত এই সুবিধা থকাটো আশ্বর্যকৰ কথা। সম্পূর্ণ তপা ব্যক্তিসকলে ১০০০ৰ পৰা ২০০০ ডাল আৰু কম তপা ব্যক্তিয়ে ৫০০ ডাল চুলি ৰোপন কৰি চুলিৰ হেৰুৱা সৌন্দর্য ঘূৰাই আনিব পাৰে।

FUEৰ আটাইতকৈ ডাঙৰ যোগাত্মক দিশটো হ'ল এই যে ইয়াক বেলেগ বেলেগ পর্যায়ত সম্পন্ন কৰিব পাৰি। Strip method ত এই সুবিধা নাথাকে। ১৫০০ ডাল চুলিৰ প্রয়োজন হোৱা এজন ৰোগীয়ে প্রথমবাৰত ৫০০ ডাল, তাৰ পিছৰ বাৰত ৩-৬ মাহৰ ভিতৰত আৰু ৫০০ ডাল আৰু পিছৰবাৰত পুনৰ ৫০০ ডাল চুলি ৰোপন কৰিব পাৰে। ইয়াৰ ফলত খৰচৰ মাত্রা সন্তুলিত অৱস্থাত থাকে। আর্থিক ভাৱে ভাৰাক্রান্ত নোহোৱাকৈ এই ব্যয় কিস্তি পর্যায়ত বহন কৰিব পাৰি। ৫০০ চুলিৰে তালুৰ সমুখভাগ সুন্দৰভাৱে সজাই তুলিব পাৰি যিটোৱে তপা ৰূপটো ঢাকি ৰাখিব পাৰে। অৱশ্যেই যিমানেই বেছি চুলি ৰোপন কৰা যায় সিমানেই সম্পূর্ণ সৌন্দর্য ফুটি উঠিব।

এইধৰণে চুলি সংৰোপন কৰাৰ আন এক সুবিধা হ'ল এই যে, এই পদ্ধতিত তপা ব্যক্তি এজনৰ নাটকীয়ভাৱে হঠাতে চকুত পৰাকৈ চুলি গজি নুঠে। জনপ্রিয় তাৰকাসকল বা সাধাৰণতে জনপ্রিয় মিডিয়াৰ জৰিয়তে লাইমলাইটত থকা ব্যক্তিসকলে এই ধৰণৰ পৃথক পর্যায়ত সম্পন্ন হ'ব পৰা চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়ে, যিহেতু তেওঁলোকে নিজৰ চেহেৰাৰ আকষ্মিক পৰিৱর্তন নিবিছাৰে।

চুলি সংৰোপন এটা খৰচতে সম্পন্ন হ'ব পৰা প্রক্রিয়া। ইয়াৰ পিছত এজন ব্যক্তিয়ে আজীৱন চুলিৰ আন কোনো আলপৈছান আৰু খৰচ নোহোৱাকৈ একোছা সুন্দৰ চুলিৰ গৰাকী হৈ থাকিব পাৰে। একোছা ধুনীয়া চুলিয়ে আপোনাক কেৱল সুন্দৰ যৌৱনদ্বীপ্ত এটা চেহেৰাই নহয়, সামাজিকভাৱে আৰু কর্মজীৱনটো আপোনাৰ এক অনন্য পৰিছয় ডাঙি ধৰে। চুলি সংৰোপনে আপোনাৰ চেহেৰাৰ পৰিৱর্তন কৰাই নহয়, নিজৰ আত্মবিশ্বাস আৰু পাৰদর্শিতা বৃদ্ধিত সহায় কৰে। গৱেষণাৰ পৰা গম পোৱা গৈছে যে এজন তপা ব্যক্তিতকৈ চুলি থকা মানুহ বেছি বিশ্বাস আৰু আস্থাৰ পাত্র।

যিসকল ব্যক্তিৰ এই পদ্ধতি আৰু ইয়াৰ ফলাফল সম্পর্কত কোনো ধাৰণা নাই তেওঁলোকৰ বাবে আৰোগ্যম চুলি সংৰোপন কেন্দ্রই ১০০০০ টকাত ২০০ ডাল চুলি সংৰোপন কৰাৰ ট্রায়েল সুবিধা প্রদান কৰিছে। এই সুবিধাই এজন ব্যক্তিক পিছলৈ সম্পূর্ণ চুলি ৰোপন কৰা বা নকৰাৰ ওপৰত সিদ্ধান্ত লবলৈ সুবিধা দিছে। 

কেতিয়াবা কেতবোৰ নিম্ন মানদণ্ডৰ ফোনকল বা ৱেবছাইটৰ জৰিয়তে গ্রাহকক নিম্ন মানৰ কিছুমান বিজ্ঞাপন দিয়া হয়। এইধৰণৰ বিজ্ঞাপনসমূহ সদায়ে সন্দেহৰ আৱর্তত। এই কথাৰ প্রতি এজন ব্যক্তিয়ে সদায়ে চকু দিব লাগে যে তেওঁ যাতে কোনো একে ৰাতিৰ ভিতৰতে চেহেৰা সলাই দিয়া চিকিৎসা পদ্ধতিৰ চিকাৰ হ'ব লগা নহয়। সকলো চিকিৎসালয়ে গ্রাহকক আকর্ষিত কৰিবলৈ যিকোনো ব্যৱস্থা ল'ব, কিন্তু ইয়াৰ পিছতহে তেওঁলোকৰ আচল ৰূপ ধৰা পৰিব।
আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কোনো কমদামী চিকিৎসা কেন্দ্রৰ বিষয়ে আলোচনা কৰিব নোখোজে কিয়নো সমগ্র উত্তৰ পূর্বাঞ্চলৰ ভিতৰত এই কেন্দ্রতে আটাইতকৈ কম খৰচত এই চিকিৎসা উপলব্ধ। আমাৰ প্রতিদ্বন্দিতা খৰচক লৈ নহয়, মানদণ্ডক লৈ।

সর্বমুঠ ব্যয় আৰু অন্যান্য দিশসমূহ আলোচনা কৰিবৰ বাবে এই প্রতিস্থানৰ সৈতে যোগাযোগ কৰক।

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head - front, back,top, left and right profile, to get an estimate of the grafts that you will need.

মানদণ্ডৰ সুনিশ্চিতি:

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ'ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল'ব লগা ব্যৱস্থা সমূহ হ'ল:

 নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।  

Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।

পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।

শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।

অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।

 

ৰচনাৰ সুচী

ড০ পি.জে মজুমদাৰৰ শিক্ষাগত অর্হতাৰ বিষয়ে সবিশেষ তথ্য ইয়াত লাভ কৰিব পাৰে (Link to Academic Certificates) তেওঁৰ ৰিজিউম ইয়াত চাব পাৰে: ৰিজিউম।(Link to Resume) যোগাযোগৰ ঠিকনা আৰু আন আন তথ্যৰ বাবে যোগাযোগলৈ যাওক। (Link to Contact) এই ব্লগটোত মূলতঃ চুলি সংৰোপনৰ বিষয়ে লেখনি আছে। ডাউন টাউন চুলি সংৰোপন কেন্দ্রত হোৱা চুলি সংৰোপনৰ ছবি চাবলৈ গেল্যাৰীলৈ যাওক। ব্লগ, ফ'ৰাম আৰু গেল্যাৰী পৃষ্ঠাসমূহ এতিয়াও নির্মাণৰত অৱস্থাত আছে। অনুগ্রহ কৰি প্রায় এমাহৰ পিছত আকৌ এবাৰ চাওক।

- By Palash Mazumdar