Basics of Hair Transplant

চুলি সংৰোপনৰ প্রাথমিক ধাৰণা


ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।
ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

H.T. এনে এক পদ্ধতি য'ত চুলি সৰি যোৱা অংশত নিজৰ শৰীৰৰ পৰা চুলি তুলি আনি পুনঃ সংৰোপন কৰা হয়।

প্রাথমিকতে এই পদ্ধতি কেৱল পুৰুষৰ ক্ষেত্রতে ব্যৱহাৰ হ'লেও মহিলাৰ ক্ষত্রতো প্রযোজ্য কৰিব পৰা হ'ল। চুলি দহন, অস্ত্রোপচাৰজনিত কাৰণ অথবা চাপজনিত ৰোগত চুলি নাইকিয়া হ'লেও এই পদ্ধতিত স্থায়ী ফল পোৱা যায়।

৯৫% শতাংশ পুৰুষৰ ক্ষেত্রতে চুলি সৰা সমস্যাই গ্রাস কৰে আৰু ইয়াক দুটা ভাগত বিভক্ত কৰিব পাৰি। প্রথমটো অংশ হ'ল মাত্র ২০ বছৰ অতিক্রম কৰা যুৱকসকল যি ইতিমধ্যে বহু বেছি পৰিমাণে চুলি হেৰুৱাই আনপিনে ৪০ অতিক্রম কৰা লোক সকল।

H.T. এক প্রাসাধনিক ব্যৱস্থা। ই সম্পূর্ণ Elective Procedure আৰু ৰোগীৰ Personal aspirations ত নির্ভৰ কৰে যি এই ব্যৱস্থাটো কৰিবলৈ আগ্রহী। এই ব্যৱস্থা অত্যন্ত ফলদায়ক। চুলি সৰা বা তপা হোৱা সমস্যাই ব্যক্তিক সামাজিক, নিজ কর্মথলীত অতি সমস্যাত পেলায় যুৱ ব্যক্তিত্ব সচেতন লোক সকলে আনৰ মুখামুখি হ'বলৈকো সংকোচবোধ কৰে। H.T. অৰ জৰিয়তে এই সমস্যা সম্পূর্ণ দূৰ কৰিব পাৰি।

পুৰুষজনিত তপা সমস্যা বা Androgenetic Alopecia বংশগতিক কাৰণ্ বংশগতিক ভাৱেই এটা বয়সত এজন লোকৰ নতুন চুলি ধাৰণ কৰিব পৰা প্রক্রিয়া বন্ধ হৈ যায়। হৰমণৰ প্রভাৱে এই জিনবোৰক শযোগিতা কৰে। Norwood স্কেলৰ মাধ্যমত ১ৰ পৰা ৭ পর্যন্ত পর্যায়ত চুলি সৰা মাপ কৰা যায়। ৬ৰ পৰা ৭ নম্বৰ মাপত থকা সকলে সাধাৰণতে সম্পূর্ণ চুলি হেৰুযায় আৰু তেওঁলোকে H.T. কৰি সুফল নাপাব পাৰে। তপা হোৱা সমস্যাৰ প্রাক ক্ষণত চুলিবোৰ চুটি আৰু ক্ষীণ হ'বলৈ আৰম্ভ কৰে। তালুত থকা চুলিৰ ঘনত্ব ক্রমাৎ পাতল হৈ আহে।

History:

১৯ শতিকাৰ প্রথমার্ধতে প্রথম H.T. ৰ প্রৱর্তন হৈছিল য'ত চিকিৎসকে তালুৰ চালত চুলি ৰোপন কৰিছিল। ১৯৩০ চনত জাপানত চেলাউৰিত H.T. কৰা হৈছিল। H.T.আধুনিক যাত্রা আৰম্ভ হ'ল ১৯৫০ ৰ পিচত Dr. N. Orentreich প্রথম চুলি সংৰোপন কৰি প্রমাণ কৰি দেখুৱালে যে ইয়াত চুলি বাঢ়ন ক্ষমতা আজীৱন স্থায়ী হয়। Dr. P. Walter এ চুলিক অধিক প্রাণবন্ত কৰাৰ পথ প্রশস্ত কৰে।

চিকিৎসকলসকলে দিনক দিনে যিমান পাৰি সিমান ক্ষুদ্র ক্ষুদ্র GRAFT লৈ সংৰোপনৰ প্রচেষ্টা চলাবলৈ আৰম্ভ কৰিলে। প্রথমতে Punch Graft বিলাক লোৱা হৈছিল কিনতু ইয়াত নতুন চুলিবোৰ দেখাত কিছু অপ্রাকৃতিক যেন দেখি। ১৯৯০ চনত  Limmer এ Microscope ৰ ব্যৱহাৰ কৰি সম্পূর্ণ অক্ষত অৱস্থাত চুলিক গুৰিৰ পৰা তুলি অনা ব্যৱস্থা প্রৱর্তন কৰিলে আৰু এই ব্যৱস্থা এক সোণালী অধ্যায় সয়চনা কৰিলে। ২০০২ চনত FUE পদ্ধতিত ই আৰু উচ্চ উন্নতি লাভ কৰিলে ২০০৪ চনলৈ Ounch ৰ জৰিয়তেই চুলি ৰোপনকৰা হৈছিল কিন্তু এতিয়া FUE ত Drill Machine ৰ সহায়ত এই কাম অধিক ফলপ্রসূ হৈ পৰিল।

Methods:

hair transplant in Guwahati

Donor Zone প্রচেষ্টাই H.T.ৰ প্রাথমিক ধাৰণা। দেখা যায় যে কিছুমান চুলি জীৱনী শক্তি অবিহণে থাকে, আন কিvহুমানহে সৰি যায়। ফগতিকে আজীৱন জীৱনী শক্তি থকা চুলিখিনিৰ পৰাই চুলি সংগ্রহ কৰি সৰি পৰা অংশত ৰোপন কৰা যায় আৰু সেই চুলি জীৱনভৰ থাকি যায়। সেই বাবেই H.T. অতি ফলদায়ক প্রচেষ্টা।

H.T., FUT আৰু FUE দুই প্রকাৰে কৰা যায়। দুইটাৰ পার্থক্য মাত্র চুলি সংগ্রহ কৰা প্রক্রিয়াহে।

FUT মাধ্যমত Follivelor Unit Transplantation বা Staipt Method ত 1cm জোখৰ এটা বিন্ধা কৰি তালুৰ চুলি লগাব পৰা যায়া। তাৰ পিচত তাতে চুলি ৰোপন কৰা যায়।

FUE মাধ্যমত ১ মি.মি. বা তাতকৈ সৰু ফুটাৰে চুলি সংগ্রহ কৰা হয় য'ত ১ ৰ পৰা ৪ ডাল পর্যন্ত চুলি থাকে। তাৰ ৰৈ যোৱা ক্ষুদ্র বিন্ধাবোৰৰ কোনো দাগ নাথাকে। চুলিৰ ঘনত্বও সংগ্রহ কৰা এলেকাত একেই থাকে।

প্রথমতে তালু অংশত সৰুকৈ এটা আর্হি প্রতিষ্ঠা কৰা হয়। তাৰ পিচত সেই আর্হিমতে চুলি ৰোপন কৰা হয়। এই ক্ষুদ্র Scalpel বা needle ৰ যোগেদি কৰা যায়। সদ্যহতে এই কার্যত এতিয়া বহুতো যুগান্তকাৰী সৰঞ্জাম

আৱিস্কাৰ হৈছে আৰু ৰোপন কার্য সহজ আৰু দ্রুততৰ কৰিব পৰা হৈছে। ৰোপন কৰা কামটো চিকিৎকসকৰ প্রশিক্ষণপ্রাপ্ত সহায়কে কৰে।

FUE মাধ্যমেই H.T.ৰ আটাইতকৈ সুফলদায়ক প্রচেষ্টা। এই মাধ্যমত ৰোগীয়ে নিচেই সামান্য কষ্টহে অনুভৱ কৰে আৰু কোনো দাগ বা চিন ধৰা নপৰে। মাত্র ইয়াত বেছি সময় দিব লগা হয়।

FUT মাধ্যমত কিন্তু ৰোগীৰ মূৰৰ পিছফালে দাগ দেখা যায়, দীর্ঘ দিনলৈ বিভিন্ন অসুবিধা অনুভৱ হয়। FUEত গঢ় হিচাপত এদিনত ১০০০ চুলি ৰোপন কৰিব পাৰি। আনহাতে FUTত ২০০০ চুলি ৰোপন কৰিব পাৰি। সাধাৰণতে এদিনৰ এটা চেছনত ৬ ঘণ্টা সময় লাগে। কোনো অসুবিধা নোহোৱাকৈ ৰোগীয়ে সেইখিনি সময়ত খোৱা বোৱা শৌচ প্রস্রাৱ কৰা আদি কাম কৰিব পাৰে। প্রথম চেছন শেষ কৰি ৰোগী নিজে ঘৰলৈ যাব পাৰে আৰু দ্বিতীয় চেছনৰ দৰকাৰ হ'লে পিছদিনা পুনৰ আহিব পাৰে। স্বাভাৱিক ভাৱেই FUE FUTতকৈ বেছি খৰছী। কিয়নো ইয়াত চিকিৎসক জনে বেছি খাটনি আৰু সময় দিব লাগে।

ৰোপন কৰিবৰ কাৰণে চিকিৎসকে হেয়াৰ লাইনটো প্রস্তুত কৰি আঁকি লয়। চিকিৎসকে ৰোগীৰ বয়স, চুলিৰ সৰাৰ লক্ষণ, কিমান চুলি ৰোপন কৰিব লাগিব, চুলিৰ ঘনত্ব, সৌন্দর্য আৰু সকলো পৰীক্ষা ৰোপনৰ আগমূহুর্তত কৰিব লাগে। হেয়াৰ লাইন আঁকি উলিওৱাটো এজন চিকিৎসকৰ বাবে চিকিৎসা বিজ্ঞানতকৈ কলাৰ ওপৰতহে বেছি গুৰুত্ব।

অস্ত্রোপচাৰৰ আগৰ আৰু পিছৰ ব্যৱস্থা

সকলোখিনি প্রস্তুতি সম্পূর্ণ হোৱাৰ পিছত ৰোগীৰ মূৰৰ পিছ অংশত বেণ্ডেজ লগোৱা হয় কিন্তু চুলি সংৰোপন কৰা অংশ মুক্ত থাকে। চুলি লগোৱা অংশত লগে লগে জোৰে ঘঁহিব নালাগে, চাৰিৰ পৰা সাত দিনলৈ শ্বেম্পু কৰিব নালাগে যাতে তালু অংশত টিপনিটো ভালকৈ ৰ'ব পাৰে। প্রায়বোৰ সংৰোপিত চুলিয়েই ২০ দিনমানৰ ভিতৰত সৰি যাব পাৰে কিয়নো চুলিখিনি টেল'গেন অৱস্থালৈ যায়গৈ য'ত চুলিবোৰ কিছুদিনলৈ অকর্মক হৈ থাকিব পাৰে। এই কথাটো লৈ ভয় খোৱাৰ প্রয়োজন নাই, কিয়নো এয়া হৈছে চুলি সংৰোপনৰ ক্ষেত্রত এটা স্বাভাৱিক কথা। প্রায় তিনি মাহৰ ভিতৰত চুলিৰ গুৰিবোৰৰ পৰা নতুন চুলি ওলাই আহে আৰু ১২ মাহমানৰ ভিতৰত ক্রমাৎ বাঢ়ি ঘন হ'বলৈ ধৰে। এবছৰৰ ভিতৰত ই পূর্ণ ঘনত্ব লয়। এই ব্যৱস্থাত সফলতাৰ মান অতি চমৎকাৰ, প্রায় ৯৮% চুলিয়েই চিৰস্থায়ী হোৱাৰ পূর্ণ সম্ভাৱনা থাকে। আৰোগ্যম চুলি সংৰোপন কেন্দ্রত এই সফলতা নিয়মীয়াকৈ অর্জন কৰা হৈ আছে।

চুলি সংৰোপন কৰাৰ আগতে ৰোগীজন মানসিক ভাৱে প্রস্তুত হ'ব লাগিব কাৰণ তেওঁক সকলো নিয়ম নীতি সীমাৱদ্ধতা বা ফলাফল বুজাই দিয়াৰ পিছত তেওঁ নিজে প্রস্তুত হ'ব পাৰিব লাগিব। তেওঁ এইটো বুজিব লাগিব যে তেওঁৰ প্রয়োজন সাপেক্ষেহে সেই চুলি ৰোপিত হৈছে। সেয়া তেওঁৰ জন্মগত চুলি নহয়, বৰং কৃত্রিম। কিমান চুলি সংৰোপন কৰিব লাগিব সেইটো চুলি সৰাৰ ওপৰত, খৰছৰ ওপৰত আৰু ৰোগীৰ দাবীৰ ওপৰত নির্ভৰ কৰে। এজন লোকে প্রথমে কম চুলি লগাই তিনিবছৰৰ পিছত পুনৰ লগাব পাৰে।

FUEৰ যোগেদি চিকিৎসকে বর্তমান বুকু, পিঠি ভৰি বাউসী আদিৰ চুলি সংৰোপন কৰিও সফলতা লাভ কৰিছে। দেহৰ চুলি চুটি কিন্তু চিৰস্থায়ী হয়। এই চুলি ১০০০০ ডাল পর্যন্ত ৰোপন কৰি চুলিৰ ঘনত্ব বঢ়াব পাৰি। কিন্তু এই কাম সকলো ৰোগীৰ ক্ষেত্রত সম্ভৱপৰ নহয়। সাধাৰণ্তে ১০০০ ৰ পৰা ২০০০ ডাল পর্যন্ত ৰোপন কৰিয়ে তেওঁলোক সন্তুষ্ট থাকে। এই কামটো বছৰে বছৰে কেইবাটাও চেছনত কৰিব পাৰি।

সামৰণি

চুলি সংৰোপন বর্তমান সকলো কৃত্রিম প্রচেষ্টাৰ ভিতৰত বহুল ভাৱে জনপ্রিয়। আজিৰ বিলাসী আৰু সময় সচেতন মানুহে সুখী আৰু সফল হ'বলৈ বেছি দিন অপেক্ষা কৰিব নোৱাৰে। ২০১০ চনৰ ভিতৰত আমেৰিকাতে এক লাখতকৈ বেছি আৰু সমগ্র পৃথিৱীত দুই লাখ আশী হেজাৰতকৈ বেছি মানুহে চুলি সংৰোপন কৰিছে। এছিয়া মহাদেশত যোৱা তিনিটা বছৰৰ পৰা ই দ্রুত ভাৱে প্রভাৱ বিস্তাৰ কৰিছে। ভাৰতবর্ষতো দ্রুত ভাৱে জনপ্রিয় হৈছে। কেৱল পুৰুষেই নহয় মহিলাৰ মাজতো ই সমানে জনপ্রিয়। চেলাউৰি, চকুৰ পাহি আদিৰ সংৰোপন কৰাৰ চাহিদাও মহিলাৰ মাজত  দেখা গৈছে। চুলি সংৰোপন কৰাটো এজন ৰোগীৰ সম্পূর্ণ নিজৰ সিদ্ধান্তৰ ওপৰত নির্ভৰশীল।

ডাউন টাউন হেয়াৰ ট্রেন্সপ্লেণ্টেশ্যন ক্লিনিকত উত্তৰ পূর্বাঞ্চলৰ ৰোগীৰ সুবিধা হোৱাকৈ চুলি সংৰোপনৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। নব্য উদ্ভাৱিত FUE মাধ্যমত ইয়াত চুলি সংৰোপন কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলৰ মানুহক ব্যয় ক্ষমতাৰ ভিতৰত উৎকৃষ্ট সেৱা আগবঢ়াবলৈ প্রয়াস কৰা হৈছে।

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head - front, back,top, left and right profile, to get an estimate of the grafts that you will need.

মানদণ্ডৰ সুনিশ্চিতি:

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ'ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল'ব লগা ব্যৱস্থা সমূহ হ'ল:

 নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।  

Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।

পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।

শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।

অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।

 

ৰচনাৰ সুচী

ড০ পি.জে মজুমদাৰৰ শিক্ষাগত অর্হতাৰ বিষয়ে সবিশেষ তথ্য ইয়াত লাভ কৰিব পাৰে (Link to Academic Certificates) তেওঁৰ ৰিজিউম ইয়াত চাব পাৰে: ৰিজিউম।(Link to Resume) যোগাযোগৰ ঠিকনা আৰু আন আন তথ্যৰ বাবে যোগাযোগলৈ যাওক। (Link to Contact) এই ব্লগটোত মূলতঃ চুলি সংৰোপনৰ বিষয়ে লেখনি আছে। ডাউন টাউন চুলি সংৰোপন কেন্দ্রত হোৱা চুলি সংৰোপনৰ ছবি চাবলৈ গেল্যাৰীলৈ যাওক। ব্লগ, ফ'ৰাম আৰু গেল্যাৰী পৃষ্ঠাসমূহ এতিয়াও নির্মাণৰত অৱস্থাত আছে। অনুগ্রহ কৰি প্রায় এমাহৰ পিছত আকৌ এবাৰ চাওক।

- By Palash Mazumdar